
বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসে বাৰে বাৰে তাকেই সুঁৱৰায় তই শুনিছনে নাই তই শুনিছনে নাই বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসে বাৰে বাৰে তাকেই সুঁৱৰায় নগা ভাই ভনীহঁতে ছালি কাটি কথা দিছে সময় হ’লে আহিব ওলায় মিজো আৰু মণিপুৰে আছে বাট চায় কেতিয়ালৈ ক’ব লাগে আহিব ওলায় বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসে বাৰে বাৰে তাকেই সুঁৱৰায় তই শুনিছনে নাই তই শুনিছনে নাই কোন ক’ত কেনি আছ কি আছ কৰি আহ ওলাই আহ সিবোৰ তাতেই সামৰি কোন ক’ত কেনি আছ কি আছ কৰি আহ ওলাই আহ সিবোৰ তাতেই সামৰি মেঘালয়ো গা’তে লগা ৰিং এটাৰ বাট অৰুণমনিও আহি তাতে বতাইছেহি হাত ত্ৰিপুৰীয়েও কথা দিছে জনাব সহাৰি সাতোভনী মিলি নাচিম আকৌ হিয়া উজাৰি বৰলুইত পিতাই আমাৰ সাতোভনী আই ইতিহাসেও বাৰে বাৰে তাকেই সুঁৱৰায়
