MUSID.AIMUSID.AI
হেৰা আমাৰ জন্মভূমি

হেৰা আমাৰ জন্মভূমি

0 08/18/2026
Lyrics

হেৰা আমাৰ জন্মভূমি! হেৰা আমাৰ জন্মভূমি! এনে দেশ কতো নোপোৱা হেৰা তুমি। হেৰা আমাৰ জন্মভূমি। ক’ত আছে এনে চাউল পানীত দিলে ভাত? ক’ত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত? ক’ত পাবা পকা-খৰিচা, ক’ত ঢেকীয়া শাক? এঠা-দৈ ক’ত এনে নেৰায় ধুলে যাক। হেৰা আমাৰ জন্মভূমি! ক’ত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী? ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী? লুইতৰ দৰে বৰ নৈ ক’ত আছে কোৱা? ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা হেৰা আমাৰ জন্মভূমি! ক’ত এনে মিৰি-নাচ, ক’ত এনে বিহু? ক’ত পাব জগা গাইৰ এনেকুৱা ফেহু? হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়া লৰা-ছোৱালী ক’ত এনে দেখুৱাই দিয়াঁ? এনেখনি দেশ কতো নোপোৱা বিচাৰি, নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি। হেৰা আমাৰ জন্মভূমি!

0:00
2:39

Pronto para criar o futuro do som?

Experimente o nº 1 Gerador de Música por IA hoje e transforme o seu texto em música instantaneamente. Crie faixas profissionais, isentas de direitos autorais, em menos de 60 segundos.