
কথা এটি আছিল বন্ধু শুনিবানে কোৱা শুনিবানে কোৱা নিজৰ বাবে নহ’লেও জাতিৰ বাবেই মনৰ কথা এবাৰ খুলি কোৱা বন্ধু এবাৰ খুলি কোৱা কথা এটি আছিল বন্ধু শুনিবানে কোৱা শুনিবানে কোৱা কি পালা, কি দিলা কিনো হেৰুৱালা তুমি ছাগে গমেই নাপালা পাশাৰ গুটি বৰণীয়া আবুৰ নুবুজা মাণিক বুলি শামূক ধৰি বহু হেৰুৱালা ৷ কথা এটি আছিল বন্ধু শুনিবানে কোৱা শুনিবানে কোৱা নিজৰ বাবে নহ’লেও জাতিৰ বাবেই মনৰ কথা এবাৰ খুলি কোৱা বন্ধু এবাৰ খুলি কোৱা ভুল তুমি নুবুজিবা অভিমান নকৰিবা সময়ে কোৱা কথা আকৌ এবাৰ জুকিয়াই লবা ৷ দূৰৈৰ গাজনি শুনি অবাটে নাযাবা বহুজন আছে ৰৈ লবলৈ তাৰেই সুবিধা ৷ কথা এটি আছিল বন্ধু শুনিবানে কোৱা শুনিবানে কোৱা কি আহে কি যায় তুমিও যদি তাকেই ভাৱা নকওঁ সিবোৰ কথা যিবোৰ নহ’ল আজিও কোৱা ৷ সুঁৱৰিলে নাহে ঘূৰি সিবোৰ বহু কথা কলিজাত দিয়ে মাথো এবুকু বেথা ৷ কথা এটি আছিল বন্ধু শুনিবানে কোৱা শুনিবানে কোৱা নিজৰ বাবে নহ’লেও জাতিৰ বাবেই মনৰ কথা এবাৰ খুলি কোৱা বন্ধু এবাৰ খুলি কোৱা ৷

지금 최고의 AI 음악 생성기를 사용해 보고 텍스트를 즉시 음악으로 바꿔보세요. 60초 안에 전문적이고 로열티 없는 노래를 만들어 보세요.